- ৩ জানুৱাৰী,২০২৫ তাৰিখে খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ সৌজন্যত আৰু খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি সঞ্চালকালয়ৰ উদ্যোগত অসম ৰাজ্যিক সংগ্ৰহালয়ৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত সদৌ অসম ভিত্তিত স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত এখনি প্ৰাইজমানি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। অসমৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিষয়ক এই কুইজ প্ৰতিযোগিতাখন পৰিচালনা কৰে অসমৰ খ্যাতনামা কুইজ পৰিচালক দীপাংকৰ কৌশিকে । কুইজ পৰিচালকৰ প্ৰজ্ঞাদীপ্ত প্ৰশ্ন আৰু প্ৰতিযোগীসকলৰ বুদ্ধিদীপ্ত উত্তৰে সমূহ দৰ্শকক আপ্লুত কৰিবলৈ সক্ষম হয়। প্ৰতিযোগিতাখনত খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ সচিব মানস নাথ, খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি সঞ্চালকালয়ৰ সঞ্চালক অনুপম চৌধুৰীৰ লগতে সংগ্ৰহালয় সঞ্চালকালয়ৰ সঞ্চালক অৰিন্দম বৰুৱা উপস্থিত থাকে।