৯ মাৰ্চ, ২০২৫ তাৰিখে অসম চৰকাৰৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ সৌজন্যত আৰু খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি সঞ্চালকালয়ৰ উদ্যোগত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহত অসমৰ বিভিন্ন খিলঞ্জীয়া আৰু জনজাতীয় উপাসনাস্থলী আৰু অনুষ্ঠানলৈ এক সাহায্য মঞ্জুৰি বিতৰণ অনুষ্ঠান আয়োজিত হয়। এই অনুষ্ঠানত সদৌ বাথৌ মহাসভালৈ(গড়চুক, গুৱাহাটী) ৫.৫০ কোটি টকা, ১৯৮ খন খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাসৰ উপাসনাস্থলীৰ বাবে ৫ লাখ টকাকৈ, ৩৬ খন খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাসৰ উপাসনাস্থলীৰ বাবে দ্বিতীয় কিস্তিৰ ৫ লাখ টকাকৈ আৰু ৬টা খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতিৰ অনুষ্ঠানৰ বাবে দ্বিতীয় কিস্তিৰ ১০ লাখ টকাকৈ সৰ্বমুঠ ১৭ কোটি ৮০ লাখ টকাৰ সাহায্য মঞ্জুৰি বিতৰণ কৰা হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে শিক্ষা,জনজাতি পৰিক্ৰমা(ভৈয়াম) বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি,পাৰ্বত্য এলেকা উন্নয়ন, পৰিবহণ, সমবায় বিভাগৰ মন্ত্ৰী যোগেন মহনৰ গৌৰৱময় উপস্থিতিৰে অনুষ্ঠানটোৰ সৌন্দৰ্য বৃদ্ধি কৰে। তাৰোপৰি এই অনুষ্ঠানত খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ বিশেষ আয়ুক্ত সচিব ৰঞ্জন শৰ্মা, সচিব মানস নাথ, যুটীয়া সচিব সুজাতা শুচিব্ৰতা আৰু খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি সঞ্চালকালয়ৰ সঞ্চালক অনুপম চৌধুৰী উপস্থিত থাকে। অসমৰ ভিন ভিন প্ৰান্তৰপৰা অহা নানা জনগোষ্ঠীৰ সৌন্দৰ্যময় সমাহাৰে অনুষ্ঠানটো সর্বাংগসুন্দৰ কৰি তোলে।
Grants in Aid ceremony 2025